ৰাজ্যত অব্যাহত আছে কয়লাৰ ৰমৰমীয়া বেহা

ক'লা হীৰাৰ ব্যৱসায়ীয়ে নিতৌ অবৈধ ভাবে বহি ৰাজ্যলৈ সৰবৰাহ কৰি আহিছে কয়লা । বৈধ নথি পত্ৰ অবিহনে বহি ৰাজ্যলৈ সৰবৰাহ কৰিব বিচৰা দুখন কয়লা ভৰ্তি ট্ৰাক জব্দ কৰে কামৰূপৰ কমলপুৰ আৰক্ষীয়ে । নথি পত্ৰ বিহীন কয়লা ভৰ্তি ট্ৰাক দুখনে মাৰ্ঘেৰিটাৰ পৰা উত্তৰ প্ৰদেশ অভিমুখে গৈ থকাৰ পথতে কমলপুৰ আৰক্ষীয়ে জব্দ কৰে । নিৰ্ভৰযোগ্য সুত্ৰে কমলপুৰ আৰক্ষীয়ে খবৰ পায় ৩১...

নগাঁৱত ব্যতিক্ৰমী বিশ্ব মাতৃভাষা দিৱস

আইৰ সমান হব কোন, নৈ সমান ব'ব কোন ৷ বিশ্ব মাতৃভাষা দিৱস উপলক্ষে বৃহস্পতিবাৰে নগাঁৱৰ বৰক'লা শংকৰদেৱ শিশু নিকেতনত ব্যতিক্ৰমী অনুষ্ঠানেৰে অনুষ্ঠিত কৰা হয় মাতৃভাষা দিৱস ৷ পুৱাই বিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰী সকলে কলহত পানী সংগ্ৰহ কৰি নিজৰ মাতৃসকলক ভৰি ধুৱাই ধূপ-ধূনা, বন্তি আৰু ফুলেৰে পূজা-অৰ্চনা কৰে ৷ পূজাৰ অন্তত মাতৃ সকলে নিজৰ সন্তানক আৰ্শীবাদ প্ৰদান কৰে ৷ এই...

আন্তৰ্জাতিক মাতৃভাষা দিৱস পালন অসম সাহিত্য সভাৰ

  NEWS DESK , NE INDIA: বৃহস্পতিবাৰে সমগ্ৰ বিশ্বতে পালন কৰা হয়  আন্তৰ্জাতিক মাতৃ ভাষা দিৱস । আন্তৰ্জাতিক মাতৃ ভাষা দিৱসৰ লগত সংগতি ৰাখি  অসম সাহিত্য সভাই ভাগৱতী প্ৰসাদ বৰুৱা ভৱনত এক অনুষ্ঠানৰ আয়োজন কৰে। অনুষ্ঠানত অসম সাহিত্য সভাই বিশিষ্ট সাংবাদিক প্ৰফুল্ল গোবিন্দ বৰুৱা আৰু ড° শিৱনাথ বৰ্মনক অৰুণোদয় সন্মান প্ৰদান কৰে। তদুপৰি বিশিষ্ট নাট্যকৰ্মী নয়ন প্ৰসাদক শুক্ৰাচাৰ্য ৰাভা বঁটা...

মনেশ্বৰ বসুমতাৰীৰ পৰিয়াললৈ ২০ লাখ টকাৰ চেক প্ৰদান ৰাজ্য চৰকাৰৰ

পুলৱামা সন্ত্ৰাসবাদী আক্ৰমণত শ্বহীদ হোৱা মনেশ্বৰ বসুমতাৰীৰ পৰিয়াললৈ সাহাৰ্য্য প্ৰদান ৰাজ্য চৰকাৰৰ ২০ লাখ টকাৰ এককালীন সাহাৰ্য্যয চেক প্ৰদান কৰে ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামীয়ে প্ৰদান কৰিলে চেক চেক প্ৰদানৰ সময়ত উপস্থিত থাকে মন্ত্ৰী ৰিহণ দৈমাৰী, বিধায়ক ইমানুৱেল মুছাহাৰী

শংকৰ আজানৰ মিলন ভূমিত পৰিণত বাইহাটা

লোকে লোকাৰণ্য বাইহাটা চাৰিআলিৰ এখন তীৰ্থ ভূমি । শংকৰ আজানৰ মিলন ভূমিত পৰিণত হৈ পৰিছে বাইহাটা চাৰিআলিৰ বগুলা বাবাৰ মাজাৰ । উৰুচ উপলক্ষে লানি নিছিগা মানুহৰ সোঁত বৈছে মাজাৰলৈ। কি হিন্দু কি মুছলমান বিভিন্ন ধৰ্মৰ লোকে আহি প্ৰাৰ্থনা কৰিছে মাজাৰস্থলীত । লোকবিশ্বাস অনুসৰি এই মাজাৰত অনুষ্ঠিত উৰুচলৈ আহি যি প্ৰাৰ্থনা কৰা হয় সেয়া সিদ্ধি হয় বুলি বিশ্বাস কৰে ভক্তই । ভগদত্ত...

ৰহাৰ বিদ্যালয়ত চোৰৰ উপদ্ৰৱ

ৰহাৰ ৰহাগাঁৱস্থিত সুকুমাৰী প্ৰাথমিক বিদ্যালয়ত নিশা চোৰৰ অভিযান । বিদ্যালয়ৰ পাঁচখনকৈ দুৱাৰৰ তলা ভাঙি চুৰি কৰি নিলে মটৰ, ফেন, দানপাত্ৰ লগতে লণ্ড ভণ্ড কৰিলে বয়বস্তু । ইয়াৰ উপৰি চুৰে বিদ্যালয়ৰ ৰান্ধনীগৃহত খিচিৰি ৰান্ধি-বাঢ়ি খোৱাৰ উপৰি নিশাটো বিদ্যালয়তে কটাই মলত্যাগ কৰিলে বিদ্যালয়তে । পুৱা চুৰিকাণ্ডৰ কথা পোহৰলৈ অহাত বিদ্যালয়ৰ শিক্ষয়িত্ৰীয়ে আৰক্ষীক খবৰ দিয়ে । ইতিমধ্যে বিদ্যালয়ত আৰক্ষী উপস্থিত হৈ স্নিফাৰ...

পুৰণিগুদামৰ কাষৰি গাঁৱৰ এটা পৰিয়াল ! দৃষ্টি আকৰ্ষণ পথচাৰীৰ

নগাঁৱৰ পুৰণিগুদামৰ মাজেৰে পাৰ হৈ যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে দৈনিক হাজাৰ হাজাৰ লোকে যাত্ৰা কৰে নিজৰ গন্তব্য স্থানলৈ । পুৰণিগুদামৰ কাষৰি গাঁৱৰ এটা পৰিয়ালে দৃষ্টি আকৰ্ষণ কৰিছে পথচাৰীৰ । অবশ্যে এইয়া কোনো ব্যক্তিৰ পৰিয়াল নহয় । এটা লুপ্তপ্ৰায় বৰটোকোলাৰ পৰিয়াল । কাষৰিগাঁৱৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে আছে এজোপা শিমলু গছ । এই শিমলু জোপাতেই বাস কৰে বৰটোকোলাৰ...

পুনৰ বৃদ্ধি পালে পেট্ৰল , ডিজেলৰ মূল্য

NEWS DESK, NE INDIA: বৃহস্পতিবাৰে পুনৰ বৃদ্ধি পালে পেট্ৰল ডিজেলৰ মূল্য। প্ৰতি লিটাৰ পেট্ৰলত বাঢ়িল ১৬পইচা আৰু প্ৰতি লিটাৰ ডিজেলত বাঢ়িল ১৭ পইচালৈ। বৰ্তমান গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰলৰ দাম ৭০.৬৬ টকা আৰু প্ৰতি লিটাৰ ডিজেলৰ দাম ৬৬.৮১টকা হৈছে। দিল্লীত প্ৰতিলিটাৰ পেট্ৰলৰ মূল্য ৭১.১৫ টকা আৰু ডিজেলৰ মূল্য ৬৬.৩৩টকালৈ বাঢ়ে।আনহাতে মোম্বাইত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য ৭৬.৭৯ টকা আৰু ডিজেলৰ মূল্য ৬৯.৪৭ টকা...

মণিয়েৰী তিনিআলিত বীৰ শ্বহীদৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি

শাশ্বত কবি চক্ৰৰ উদ্যোগত মণিয়েৰী তিনিআলি ব্যৱসায়ী এলেকাত বুধবাৰে সন্ধিয়া পুলবামাত হোৱা শ্বহীদসকলৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় । অনুষ্ঠানৰ আৰম্ভণিতে শাশ্বত কবি চক্ৰৰ সকলো বিষয়ববীয়াই শ্বহীদৰ আত্মাই চিৰশান্তি লাভ কৰাৰ অৰ্থে এক মিনিট সময় মৌন প্ৰাৰ্থনা অৱলম্বন কৰে । এই অনুষ্ঠানৰ আৰম্ভণিতে শ্বহীদৰ স্মৃতিত বন্তি প্ৰজ্জ্বলন কৰে শাশ্বত কবি চক্ৰৰ কাৰ্যকৰী সভাপতি গজেন চন্দ্ৰ দাসে, এই অনুষ্ঠানৰ...

ধেমাজিত আলি-আ:য়ে-লৃগাং ত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ

NEWS DESK , NE INDIA : ফাগুন মাহৰ প্ৰথমটো  বুধবাৰ। ৰাজ্যৰ বিভিন্ন স্থানত  মিচিং সকলে   উলহ মালহৰে পালন কৰিছে " আলি-আ:য়ে-লৃগাং।  ধেমাজিত অসম চৰকাৰৰ উদ্যোগত অনুষ্ঠিত হোৱা " আলি-আ:য়ে-লৃগাং" ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰে। গুৰুত্বপূৰ্ণ যে অনুষ্ঠানটোত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে মিচিং সমাজৰ কলা , সংস্কৃতি,শিক্ষা ৰ বিষয়ত অৱদান আগবঢ়োৱা লোকসকলক সম্বৰ্ধনা জনোৱাৰ লগতে জোনাইত এটা সাংস্কৃতিক ক্ষেত্ৰ...