পাতত দিয়া মোৱা মাছ

সুস্বাদু খাদ্য প্ৰয়োজনীয় সামগ্ৰী: কলপাত ( ব্যৱহাৰ কৰাৰ আগত পাতকেইখিলা যাতে ফাটি নাযায় তাৰবাবে ১ মিনিট মান সময় জুইত সেকি লব) মোৱা মাছ ১০০ গ্ৰাম কেচাঁ জলকীয়া (আন্দাজমতে)  আদা - ১/২ চামুচ (মিহিকৈ কাটি লব) মিঠাতেল - ১/২ চামুচ ধনীয়া পাত (মিহিকৈ কাটি লব) পিয়াজ ( মিহিকৈ কাটি লব) নিমখ (সোৱাদ অনুযায়ী)  শুকান খৰিছা - ২চামুচ  প্ৰণালী: মাছ কেইটা ভালদৰে বাচি ধুই লব ৷  এতিয়া ১ চামুচ মিঠাতেল মাছকেইটাত সানি লৈ...

শুকান চুলিৰ যতন

ৰূপসজ্জা, NE INDIA: নাৰী এগৰাকীৰ সৌন্দৰ্য্য প্ৰতিফলিত হয় চুলিকোছাৰ মাজেৰেও। সেয়ে চুলিকোছাৰ সঠিক যত্ন লোৱাটো অপৰিহাৰ্য। কিন্তু মনত ৰাখিব চুলিৰ প্ৰকাৰ লৈহে চুলিৰ যতন ল’ব। শুকান চুলিৰ সমস্যাক লৈ বহুতৰে চিন্তা। শুকান চুলিত মালিচৰ প্ৰয়োজন বেছি। মালিচ কৰাৰ ফলত চুলিৰ গুৰিত তেজ চলাচল হ’ব। ফলত অক্সিজেন প্ৰবাহিত হৈ হেয়াৰ ফলিক্‌লছসমূহত চুলি গজাত আৰু দীঘল হোৱাত সহায় কৰিব। চুলিত মালিচ কৰাৰ নিয়ম...

আপোনাৰ ঘৰখন আপুনি সজাই তোলক

বিশেষ,NE INDIA: নিজৰ ঘৰখন সজাই তুলিবলৈ কাৰনো বাৰু মন নাযায়।ঘৰখন সজাই পৰাই ৰাখিলে নিজৰ লগতে ঘৰলৈ অহা আলহীয়ে  ভাল পাব। আপোনাৰ ঘৰখন আপুনি কেনেকৈ সজাব এইটো সম্পূৰ্ণ নিৰ্ভৰ কৰে আপোনাৰ নিজৰ ওপৰত।কোনপদ বস্তু ক'ত থ'লে ঘৰখন শুৱনি হ'ব সেইখিনি চকু দিব লাগিব আমি নিজেই।লগতে ঘৰখন সজাই তোলাত বাৰুকৈয়ে সহায় কৰে আলহী অতিথিয়ে।নিজৰ আয় চাই ব্যয় কৰিব তেতিয়া অসুবিধা নহয়...

আজি ভেলেণ্টাইন ডে’

NEWS DESK : ভালপোৱাই নামানে কোনো বাধা , ভালপোৱা এক বিশ্বাসৰ এনাজৰী যিয়ে দি যায় এজনে আনজনক সাহস আৰু আগবাঢ়ি যোৱাৰ প্ৰেৰণা। ১৪ফেব্ৰুৱাৰী  প্ৰেমৰ দিৱস ।এই দিনটোত সকলোৱে বিচাৰে হৃদয়ত একাষে থৈ দিয়া জনক মনে বিচৰা মতে সুখ দিবলৈ। যিদৰে ভেলেণ্টাইনে ও বিচাৰিছিল জন্মান্ধ জুলিয়াই নিজ চকুৰে পৃথিৱীখন দেখা পাঁওক। ভেলেণ্টাইনৰ মৃত্যুৰ আগত জুলিয়াই চকুৰে দেখা পাইছিল ভেলেণ্টাইনৰ বিশ্বাস আৰু...

ইতিহাসক সাক্ষী কৰি দুই ৰাজ্যৰ সমন্বয় গঢ়িছে ডালিমীয়ে  

প্ৰেমে  নামানে জাত পাত, প্ৰেমে নামানে ভৌগোলিক পৰিসীমা | প্ৰেমে নামানে উচ্চ নীচ,প্ৰেমে নামানে ধনী দুখীয়া | সৃষ্টিৰ আৰম্ভণিৰেপৰা মানৱ জীৱনত ক্ৰিয়া কৰি অহা উক্ত বাক্য কেইখাৰক সত্য প্ৰমাণিত কৰিছে বুৰঞ্জীৰ বহু অমৰ প্ৰেম কাহিনীয়ে | খ্যাত অখ্যাত লোকসকলৰ বাস্তৱ জীৱনৰ এই অমৰ প্ৰেম কাহিনীসমুহৰ সাক্ষী এতিয়া ক'ৰবাত জিলিকি আছে তাজমহল হিচাপে, ক'ৰবাত হয়তো কালৰ বুকুত বিলীন হৈ গৈছে...

***সহযাত্ৰী*** (তিনি) ...................লিখকঃ আৰ কে বেজবৰুৱা , বালিপাৰা.............. হলেও সাধাৰণ মানুহৰ মন বিচলিত হোৱা নাছিল। দেশৰ শান্তিপূৰ্ণ বাতাৱৰণত  সকলো প্ৰজাই কানিৰ মাদকতা উপভোগ কৰি আছিল। শান্তি ভংগ হৈছিল কন্দৰ্পেশ্বৰৰ। আৰু এজনৰ ৰাতি ৰাতি টোপনি ভংগ হৈছিল। সেইজন হৈছে মনিৰাম বৰুৱা। তেওঁ বৃটিছৰ ভিতৰ চ'ৰাৰ বহু কথা দেখিবলৈ পাইছিল। বহুত অভিসন্ধিৰ উমান পাইছিল। লগতে তেওঁ কিছুমান সম্ভ্ৰান্ত অসমীয়া লোকৰো বৃটিছৰ লগত হলি গলি...

শিক্ষাৰ্থীৰ উজ্জ্বল ভবিষ্যতত বাস্তুশাস্ত্ৰৰ প্ৰভাৱ ! চাওক  বাস্তুজ্ঞান

শিক্ষাৰ্থীৰ পঢ়া মেজ গৃহত স্থাপনৰ ক্ষেত্ৰত শিক্ষাৰ্থীৰ শিক্ষাৰ মান নিৰ্ভৰ কৰে । পৰীক্ষাৰ ফলাফলৰ ক্ষেত্ৰত পঢ়া মেজৰ অৰিহণা অস্বীকাৰ কৰিব নোৱাৰি । মূল ঘৰৰ কোন দিশত স্কুলীয়া বা কলেজীয়া  ছাত্ৰ-ছাত্ৰীৰ পঢ়া মেজ ৰাখিলে শিক্ষাৰ্থীৰ শিক্ষাৰ মান উন্নত হ'ব ? এনে বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰিছে বাস্তু শাস্ত্ৰবিদ শ্ৰৱণ কুমাৰ চাংগেনেৰিয়াই । https://youtu.be/xUuFiCetv10

আপুনি আপোনাৰ ভৰিখন কিদৰে ধুনীয়া কৈ ৰাখিব

বিশেষ : আপুনি বাৰু আপোনাৰ দিনটোৰ ভৰ লৈ থকা ভৰিখনৰ যতন লয়নে ? নিশ্চয় পাহৰি যায় নহয়নে বাৰু ? অফিচৰ পৰা আহি মুখ হাত ধুই আপোনাৰ শুবলৈ মন যায় যাৰফলত ভৰিৰ যতনৰ লবলৈ আপোনাৰ সময় নহয়, নহয়জানো | যি কি নহওক আমি আপোনাক জনাম আপুনি একো কষ্ট নকৰাকৈ শুই শুই নিজৰ ভৰিখনৰ কেনেদৰে যতন ল'ব |           আপুনি এটা বাচনত কুহুমীয়া...

‘হস্তীৰ কন্যা’ প্ৰতিমা পাণ্ডে

সৃষ্টিৰ আনন্দতেই শিল্পীয়ে সৃষ্টি কৰে আৰু তেনে সৃষ্টিৰ আঁৰত লুকাই থাকে শিল্পীজনাৰ অক্লান্ত শ্ৰম,অধ্যয়সায় আৰু একাগ্ৰতা।কিন্তু শিল্পীক  জীয়াই ৰাখিবলৈ কেৱল মালা গামোচা মানপত্ৰ আদিয়ে যথেষ্ট নহয়।ভোকাতুৰ পেটেৰে শিল্পীয়ে সদায় সৃষ্টি কৰি যাব নোৱাৰে।মৃত্যুৰ পাচত শিল্পীজনাৰ ছবিত ধূপ ধূণাৰে সন্মান জনোৱাটো সেয়ে অৰ্থহীন যেন অনুভৱ হয় ~এয়া আছিল গোৱালপৰীয়া লোকগীতৰ সমাজ্ঞ্ৰী তথা পদ্মশ্ৰী উপাধিৰে বিভূষিতা অসম জীয়ৰী প্ৰতিমা পাণ্ডে বৰুৱাৰ...

কলকাতাত আন্তৰ্জাতিক গ্ৰন্থ মেলা ! Ne india ষ্পেচিয়েল ৰিপোৰ্ট

  কলকাতাত অনুষ্ঠিত হৈ আছে ৪২ তম আন্তৰ্জাতিক গ্ৰন্থ মেলা । ৩১ জানুৱাৰীৰ পৰা অনুষ্ঠিত গ্ৰন্থ মেলাত কেবাশ দেশী বিদেশী  গ্ৰন্থ বিপনীয়ে শোভাবৰ্ধন কৰে এই বছৰৰ কলকতা আন্তৰ্জাতিক গ্ৰন্থমেলাত । বিশেষকৈ চুবুৰীয়া দেশ বাংলাদেশৰ গ্ৰন্থ বিপনী আৰু পাঠক ,লিখকৰ বেছ ভীৰ পৰিলক্ষিত হয় । গ্ৰন্থমেলা ৰ বাকৰিত অনুষ্ঠিত আলোচনাত ভাগ লৈছে বাংলাদেশৰ লগতে উত্তৰ পুৰ্বাঞ্চলৰ পৰা উপস্থিত হোৱা কবি , সাহিত্যিক...