কাছাৰত মুখ্যমন্ত্ৰী কৃষি সা-সজুঁ‌লি বিতৰণ আচনিৰ শুভাৰম্ভ কাৰ্যসুচী

0
33
কাছাৰত মূখ্যমন্ত্রী কৃষি সা-সজুলি আচনিৰ আনুষ্ঠানিক সূচনা কৰা হব মঙ্গলবাৰে। শিলচৰ পুলিচ পেৰেড গ্রাউন্ডত এক আড়ম্বৰপূর্ণ অনুষ্ঠানৰ যোগেৰে এই প্রকল্পৰ উদ্বোধন কৰিব অসমৰ শিক্ষা মন্ত্রী সিদ্ধার্থ ভট্টাচার্যই। পুৱা দহ বজাত আৰম্ভ  হবলগীয়া অনুষ্ঠানত বিশেষ অতিথি হিচাপে উপস্থিত থাকিব অসমৰ বন, আবকাৰী, মীন মন্ত্রী পৰিমল শুক্লবৈদ্য। এই অনুষ্ঠানত কাছাৰৰ সাতটা বিধানসভাৰ বিধায়কৰ উপৰিও উপস্থিত থাকিব আলগাপুৰৰ বিধায়ক নিজামউদ্দিন চৌধূৰী। কাছাৰৰ উপায়ুক্ত লায়া মাদ্দুৰী আৰু জিলা কৃষি অধিকাৰী জে এইচ চৌধূৰী । এক প্ৰেছ বার্তাৰ যোগেদি এই অনুষ্ঠানক সাফল্যমন্ডিত কৰি তুলিবলৈ সকলোৰে সহযোগিতা কামনা কৰিছে ।
প্রদীপ্ত পুরকায়স্থ, চাউথ অসম ব্যুৰো, Ne india

LEAVE A REPLY

Please enter your comment!
Please enter your name here