শিক্ষয়িত্ৰী অৰ্পণা চৌধুৰী তালুকদাৰৰ বিয়োগ! উপৰহালীত শোকৰ ছাঁ‌

0
256
NEWS DESK NE INDIA: পলাশবাৰী বিধান সভা সমষ্টিৰ উপৰহালী জুমপাৰা নিবাসী তথা ৬৭৮/৪ নং সৰ্থেবাৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী অৰ্পণা চৌধুৰী তালুকদাৰে দিৰ্ঘদিন ধৰি ৰোগাক্ৰান্ত হৈ চিকিৎসাৰত অৱস্থাত যোৱা নিশা বিয়োগ ঘটাত সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ‌ পৰিছে। শিক্ষয়িত্ৰীগৰাকীৰ স্বামী মনোজ তালুকদাৰে জানিবলৈ দিয়ামতে, সোমবাৰে সন্ধিয়া উন্নত চিকিৎসাৰ বাবে চেন্নাইলৈ বিমান যোগে উৰা মৰাৰ প্ৰাক মুহুৰ্তত  অচেতন হৈ পৰে শিক্ষয়িত্ৰীগৰাকী। ততাতয়াকৈ চিকিৎসাৰ ব্যৱস্থা কৰে যদিও ইতিমধ্যে বিয়োগ ঘটে। অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা অৰ্পনাই পৰৱৰ্তি সময়ত শিক্ষকতাৰ বৃত্তিক পেচা হিচাপে আদৰি লৈছিল। 
অমায়িক তথা সৰলমনা নাৰী হিচাপে অঞ্চলটোত পৰিচিতি থকা অৰ্পণা চৌধুৰী তালুকদাৰৰ মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ‌ পৰিছে। মৃত্যুৰ সময়ত অল্পনা চৌধুৰী তালুকদাৰৰ বয়স আছিল ৩৫ বছৰ। ইহ সংসাৰত এটি ডেৰ বছৰীয়া পুত্ৰ সন্তান আৰু স্বামীসহ আত্মীয় কুটুম্বক এৰি থৈ যায়। তেওৰ মৃত্যুত অঞ্চলটোৰ বিভিন্ন দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰি পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।
ৰাহুল ঠাকুৰীয়া , মিৰ্জা , Ne india

LEAVE A REPLY

Please enter your comment!
Please enter your name here