লক্ষ্ণৌত কংগ্ৰেছে বজালে নিৰ্বাচনী ৰণডংকা

0
42

 NEWS DESK NE INDIA: ২০১৯ চনৰ লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি কংগ্ৰেছে উত্তৰ প্ৰদেশত বজালে ৰণডংকা। সোমবাৰে কংগ্ৰেছ দলৰ অধ্যক্ষ ৰাহুল গান্ধী, পূৱ উত্তৰ প্ৰদেশৰ দায়িত্ব থকা প্ৰিয়ংকা গান্ধী আৰু কংগ্ৰেছী নেতা জ্যোতিৰাদিত্য সিন্ধিয়াই উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌ চহৰত এক বিশাল নিৰ্বাচনী পদযাত্ৰাত অংশগ্ৰহণ কৰে। ২৫ কি:মি দৈৰ্ঘ্যৰ এই পদযাত্ৰাত অংশগ্ৰহণ কৰি কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে বিজেপি চৰকাৰক তীব্ৰভাষাৰে সমালোচনা কৰে আৰু উত্তৰ প্ৰদেশত এখন সুদক্ষ চৰকাৰ গঠন কৰিবলৈ জনসাধাৰণক আহ্বান জনায়। গুৰুত্বপূৰ্ণ যে এই পদযাত্ৰাত হাজাৰ হাজাৰ দলীয় কৰ্মীয়ে অংশগ্ৰহণ কৰাৰ লগতে উত্তৰ প্ৰদেশৰ জনসাধাৰণে তিনিও গৰাকী নেতাক পুষ্প বৰ্ষণে স্বাগতম জনায়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here