মাৰ্ঘেৰিটাত চিকিৎসকৰ প্ৰতিবাদী সভা

0
80
সোমবাৰে মাৰ্ঘেৰিটাৰ কল ইণ্ডিয়া চিকিৎসালত চিকিৎসকৰ এখন প্ৰতিবাদী সভা অনুষ্ঠিত হয়।
সভাত ৯ ফেব্ৰুৱাৰীত টাইপাৰ অসম বন্ধৰ সময়ত ডিগবৈ অসামৰিক চিকিৎসালয়লৈ গৈ থকা অৱস্থাত চিকিৎসকৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰতিবাদ কৰে। 
আঘাত প্ৰাপ্ত চিকিৎসক দম্পতি সহ কেইবাজনো চিকিৎসক উপস্থিত থাকাৰ লগতে ক’লা বেজ পৰিধান কৰি এই ঘটনাক তীব্ৰ গৰিহণা দিয়ে।
সভাত চিকিৎসক সকলে তেওলোকৰ সুৰক্ষা নিশ্চিত কৰিবলৈ চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰাৰ লগতে  আক্ৰমণকাৰী সকলক শাস্তিৰ দাবী কৰে।
উল্লেখ্য যে যুদ্ধৰ সময়তো চিকিৎসক , এম্বুলেঞ্চ আদিক ৰেহাই দিয়া হয় কিন্তু অসম বন্ধৰ সময়ত চিকিৎসকৰ ওপৰত চলোৱা সন্ত্ৰাসৰ বিৰুদ্ধে সকলো ক্ষুণ্ণ হৈছে ।
শ্যামল নেওগ, মাৰ্ঘেৰিটা, NE India

LEAVE A REPLY

Please enter your comment!
Please enter your name here