ভুল তথ্য দি কয়লা সৰবৰাহৰ চেষ্টা বৰাকভেলি চিমেন্ট লিমিটেডৰ!!!

0
419

এনই ইন্ডিয়া exclusive

ভুল তথ্য দি কয়লা সৰবৰাহৰ চেষ্টা বৰাকভেলি চিমেন্ট লিমিটেডৰ!!!

বৰাক উপত্যকাৰ বদৰপুৰঘাট স্থিত  চিমেন্ট কোম্পানি বৰাকভেলি চিমেন্ট লিমিটেড ( বিভিচিএল ) কাছাৰ জিলা  প্রশাসনক ভুল তথ্য দি কয়লা সৰবৰাহ কৰাৰ চেষ্টা কৰিছে। এই ক্ষেত্ৰত এক চাঞ্চল্যকৰ তথ্য ফাঁদিল হল বৃহস্পতিবাৰে। জনা গৈছে বিভিচিএলৰ পক্ষৰ পৰা বিগত  ১৯ চেপ্টেম্বৰত এখন লিখিত আন্ডাৰটেকিং দিয়া হৈছিল কাছাৰ প্রশাসনক। সেই আন্ডাৰটেকিংত উল্লেখ আছিল যোৰহাট জিলাৰ মৰিয়নিৰ “পঞ্চৰত্ন হার্ডওয়াৰ” নামৰ প্রতিষ্ঠানৰ পৰা  ৩ ট্রাক , মুঠ  ৬০ টন কয়লা বিভিচিএল ফেক্টৰিৰ বাবে চৰকাৰী সকলো নিয়ম পালন কৰি অনা হৈছে। ইয়াত আৰু উল্লেখ আছিল, যোগাযোগহীনতাৰ বাবে মেঘালয়ৰ  ৰাতাছৰাত কয়লাসমুহ আনলোড কৰি অন্য গাড়িৰে অনা হৈছে ।

বিভিচিএলৰ এই আন্ডাৰটেকিং লেটাৰ লাভ কৰি কাছাৰ প্রশাসণে স্বাভাবিক ভাবেই বৃহস্পতিবাৰে মেঘালয় সীমান্তৰ শিৱনগৰৰ পুৰণি এমভি তালাচী চকীৰ সমীপৰ পৰিবহন বিভাগৰ কর্মী সহ আৰক্ষীদল মোতায়ন কৰে ,যাতে কয়লা বোজাই ট্রাকসমুহ  পৰীক্ষা কৰি সহজে যাৱলৈ দিয়া হয় । যিহেতু অবৈধ কয়লা পৰিবহনক লৈ সংবাদমাধ্যম সমুহ সৰৱ, সেয়ে কাছাৰৰ এচপি ৰাকেশ ৰৌশনে গুমড়া পিআইচিৰ ইনচার্জ মন্টুৰাম বৰাৰ মাৰফৎত সেই অঞ্চলৰ সংবাদ কর্মী সকলক শিৱনগৰত উপস্থিত থকাৰ অনুৰোধ জনাইছিল। এনই ইন্ডিয়াৰ প্রতিনিধিয়ে শিৱনগৰত উপস্থিত হৈ দেখা পায় বিভিচিএল ৰ আন্ডাৰটেকিংত যি সমুহ   ট্রাকৰ নম্বৰ উল্লেখ কৰিছে তাৰ সৈতে পঞ্চৰত্ন হার্ডওৱেৰৰ জিএচটি চালানৰ ট্রাকৰ নম্বৰৰ মিল নাই। ইয়াৰোপৰি চালানত যি ধৰণৰ 3d হলোগ্রাম থকাৰ কথা , সেয়াও নাছিল ।

সেই আন্ডাৰটেকিং লেটাৰত উল্লেখ আছে কাছাৰৰ ডিটিও ই  কয়লা অনাৰ বাবে বিভিচিএলক অনুমতি দিছে, তথাপি ডিটিওৰ কোনো অনুমতিপত আণ্ডাৰটেকিং লেটাৰৰ সৈতে নাছিল । সকলোতকৈ চাঞ্চল্যকৰ কথা হৈছে এই ৬০ টন কয়লাৰ ইওয়ে বিল তৈয়াৰ কৰা হৈছিল বিগত মে মাহৰ ১৮ তাৰিখ। যাৰ ম্যাদ বহু কেইদিন আগেই উকলি গৈছে। ম্যাদ উকলি যোৱা  ইওয়ে বিলেৰে কয়লা অনা কোনোমতেই সম্ভৱ নহয় বুলি জানিও বিভিচিএল কর্তৃপক্ষই কিয় কাছাৰ প্রশাসনক আন্ডাৰটেকিং লেটাৰ দিলে সেইলৈ শিৱনগৰত উপস্থিত পৰিবহন আৰু আৰক্ষী বিষয়া কৰ্মচাৰীৰ  মাজত জোৰদাৰ আলোচনা হৈছে। ইয়াৰোপৰি আৰু প্রশ্ন উঠিছে মেঘালয়ৰ ৰাতাছড়াৰ পৰা কাছাৰৰ শিৱনগৰ পর্যন্ত মাত্র ৬ কিলোমিটাৰ অঞ্চল আহিবলৈ সেই ৬০ টন কয়লাৰ ৪ মাহ সময় লাগিল কিয় ? এইসকলো বিসঙ্গতি দেখি আৰক্ষী আৰু পৰিবহন বিষয়া সকলে তিনিখন কয়লা বোজাই ট্রাক অসম-মেঘালয় সীমান্তত জব্দ কৰে । এই বিষয়ত  বিভিচিএলৰ পক্ষ জানিবলৈ উর্দ্ধতন কর্মকর্তাৰ সৈতে  যোগাযোগৰ চেষ্টা কৰিলেও যোগাযোগ স্থাপন কৰা  সম্ভব নহল। আনকি পিআৰও চন্দন গোস্বামীৰ মোবাইলত ফোন কৰিলেও তেওঁ‌ ফোন  ৰিচিভ নকৰে ।

প্রদীপ্ত পুৰকায়স্থ, কাটিগড়া,Ne india 

LEAVE A REPLY

Please enter your comment!
Please enter your name here