ধেমাজিত ‘মূখ্যমন্ত্ৰী কৃষি সা-সঁজুলি যোগান’ আঁচনিৰ শুভাৰম্ভ

0
32

NEWS DESK, NE INDIA: উন্নতমানৰ কৃষি সঁজুলিৰ দ্বাৰা বিজ্ঞানসন্মত কৃষি পদ্ধতিত কৃষকসকলক উৎসাহিত কৰাৰ লক্ষৰে মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সোমবাৰে ধেমাজিত ২০১৮-১৯ বৰ্ষৰ ‘মূখ্যমন্ত্ৰী কৃষি সা-সঁজুলি যোগান’ৰ শুভাৰম্ভ কৰে । উক্ত অনুষ্ঠানত মূখ্যমন্ত্ৰী সোণোৱালে কৃষক সকলক কৃষি সা-সঁজুলি ক্ৰয়ৰ বাবে ৫০০০ টকাকৈ আৰ্থিক সাহাৰ্য্যৰ অনুমোদন পত্ৰ প্ৰদান কৰে । অনুষ্ঠানত সোণোৱালে কয় যে , “খেতিয়ক সকলক উচিত সন্মান আৰু মৰ্যাদা প্ৰদান কৰি আৰ্থ সামাজিক নিৰাপত্তা সুনিশ্চিত কৰাৰ লগতে কৃষি উৎপাদন বৃদ্ধি কৰাৰ ক্ষেত্ৰত আমি সবাতোকৈ গুৰুত্ব দিছোঁ  । যাৰ দ্বাৰা খেতিয়কৰ সন্তানে যাতে মই খেতিয়কৰ সন্তান বুলি গৌৰৱ কৰিব পাৰে ।”

উল্লেখ্য যে, এই যোজনাই ৰাজ্যৰ ৫ লাখ কৃষকক সামৰি ল’ব । লগতে ধেমাজি জিলাৰ প্ৰায় ১৩,৮০০ গৰাকী কৃষক এই আঁচনিৰ দ্বাৰা উপকৃত হব । সমগ্র ৰাজ্যতে ডি বি টি পদ্ধতিত পৰ্যায়ক্ৰমে কৃষক সকলে এই সুবিধা লাভ কৰিব ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here