কালাইন বিজেপিৰ উদ্যোগত সমর্পণ দিবস পালন

0
58
এক অনুষ্ঠানৰ মাধ্যমেৰে পণ্ডিত দীনদয়াল উপাধ্যায়ৰ প্রয়াণ দিবসৰ দিনটোত “সমর্পণ দিবস” পালন কৰে কালাইন বিজেপিয়ে । সোমবাৰে বিজেপিৰ কালাইন মণ্ডল কমিটিৰ উদ্যোগত এই সমর্পণ দিবস উদযাপন কৰা হয় ।
পণ্ডিত দীনদয়াল উপাধ্যায়েৰ প্রতিকৃতিতে মাল্যদান কৰে কালাইন মণ্ডল বিজেপি সভাপতি বিপ্লব কান্তি পালে । প্রাসঙ্গিক বক্তব্য ৰাখিছিল বিজেপি কর্মকর্তা নিত্যগোপাল দাস, ভুপেন্দ্র বৈষ্ণব, কালাচাঁদ বৈষ্ণব, নিৰঞ্জন দাস আদিয়ে ।
বক্তব্যত উল্লেখ কৰে একাত্ব মানবতাবাদৰ প্রণেতা, ৰাজনৈতিক কর্মযোগী, ৰাষ্ট্রবাদী দক্ষ সংগঠক, ভাৰতীয় জনতা পার্টিৰ প্রাণ পুৰুষ পণ্ডিত দীনদয়াল উপাধ্যায় ভাৰত মাতাৰ বাবে আছিল সমৰ্পিত প্রাণ । লগতে বক্তব্যত উপাধ্যায়ৰ জীৱন সকলোকে অনুসৰণ কৰাৰো আহ্বান জনায় ।
অনুষ্ঠানত অন্য সকলৰ লগতে উপস্থিত আছিল কালীবাড়ি গাওঁ পঞ্চায়তৰ সভাপতি কৃষ্ণ সিং ছেত্রী, মহাদেবপুৰ গাওঁ পঞ্চায়তৰ সভাপতি ৰাজীব চন্দ, পণ্ডিত বৈষ্ণব, মীনা ৰাণী দাস আদিয়ে ।
প্রতিবেদক কাটিগড়া, NE INDIA

LEAVE A REPLY

Please enter your comment!
Please enter your name here