কালাইন আঞ্চলিক পঞ্চায়তত হেট্ৰিক  বিজেপি দলৰ

0
59
NEWS DESK NE INDIA : কাটিগড়া বিধানসভা অঞ্চলৰ কালাইন আঞ্চলিক পঞ্চায়ত দখল কৰিলে বিজেপিয়ে। ইয়াৰ দ্বাৰা কালাইন আঞ্চলিক পঞ্চায়তত হেট্ৰিক অৰ্জন কৰিল গেৰুৱা দলে। ২০০৮ চনত সভাপতি হিচাপে নির্বাচিত হৈছিল বিজেপি দলৰ মহাবীৰ ৰবিদাস। ২০১৩ চনত সভানেত্রী নির্বাচিত হয় প্রমীলা বৈষ্ণৱ।  সভাপতি হিচাপে নির্বাচিত হয় কার্তিক তাঁতী। মঙ্গলবাৰে কালাইন আঞ্চলিক পঞ্চায়েতৰ ১৫ জন সদস্য/সদস্যাক শপত পাঠ কৰাই কাটিগড়া চাৰ্কোল মেজিষ্ট্ৰেট দীপময় ঠাকুৰীয়াই। উপস্থিত আছিল কালাইন উন্নয়ন খন্ডৰ বিষয়া আবুল হুচেইন। তাৰপিচতে সভাপতি পদৰ প্রার্থী হিচাপে বিজেপিৰ কার্তিক তাঁতী আৰু কংগ্রেছৰ সনজিৎ দাসৰ নাম উঠে । মেজিষ্ট্ৰেটে গোপন ভোটৰ আশ্রয় লয়।  ১৫ গৰাকী আঞ্চলিক পঞ্চায়ত সদস্য/সদস্যাই গোপনে নিজৰ পছন্দৰ সভাপতি নির্বাচন কৰে। কার্তিক তাঁতীয়ে ৯ টা ভোট লাভ কৰি বিজয়ী হয়। সহসভানেত্রী পদত বিনা প্রতিদ্বন্দ্বিতাৰে জয়ী হয় চন্দনা ৰায়। কমিটি গঠনৰ পিচতেই বিজেপি কর্মী সমর্থক সকলে আনন্দত মতলীয়া হৈ পৰে। নৱ নির্বাচিত সভাপতি কার্তিক তাঁতীয়ে সংবাদ মাধ্যমক জনায় যে আগন্তুক পাঁচ বছৰত সকলকো লগত লৈ উন্নয়নৰ কাজত মনযোগ দিৱ। কাছাৰ জিলাৰ ভিতৰত কালাইন আঞ্চলিক পঞ্চায়ত অঞ্চলক এক নম্বৰ স্থানলৈ নিয়া হব বুলি অঙ্গীকাৰ কৰে সদস্য/ সদস্যা সকলে।
 প্রতিবেদক কাটিগড়া, Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here