কংগ্রেছ মুক্ত হল আঞ্চলিক পঞ্চায়ত সভাপতিৰ চকী ! বিজেপি মহলত আনন্দৰ বন্যা

0
52
কংগ্রেছ মুক্ত হল কাটিগড়া আঞ্চলিক পঞ্চায়ত, পুনৰায় বিজেপি দলৰ দখলত সভাপতিৰ চকী । দলীয় ৬ জন আঞ্চলিক সদস্য থকা সত্বেও আঞ্চলিক সভাপতিৰ চকী কংগ্রেছ দলে দখল কৰিব নোৱাৰিলে । যাক লৈ চলিছে জোৰদাৰ চর্চা । কংগ্রেছৰ এগৰাকী আঞ্চলিক সদস্যই বিজেপিৰ জালত ভৰি দিয়াত অপ্রত্যাশিত ভাৱে আঞ্চলিক পঞ্চায়ত সভাপতিৰ আসনখনত বাজিমাত কৰিলে গেৰুৱা দল বিজেপিয়ে ।
সভাপতি হিচাপে কংগ্রেছ দলৰ পৰা প্রস্তাব কৰা হৈছিল সুদিপ্তা নাগ আৰু বিজেপি দলৰ পৰা  বাবলি দাসৰ নাম ।  প্রিজাইডিং বিষয়া অলক বিশ্বাসে বেলট পেপাৰৰ মাধ্যমৰে ভোট গ্রহণ কৰে । ১০ গৰাকী আঞ্চলিক সদ্স্যই ভোট দান সম্পন্ন কৰাৰ পিচতেই আৰম্ভ  হয় গণনা । দুজনৰ পক্ষত সমান সমান ভোটদান হয় । অর্থাৎ সুদিপ্তা নাগে লাভ কৰে  ৫ টা ভোট  আৰু বাবলি দাসে লাভ কৰে ৫ টা । শেষত টচৰ মাধ্যমেৰে জয় লাভ কৰে বিজেপি সমর্থক  বাবলি দাস। পুনৰায় কাটিগড়া আঞ্চলিক পঞ্চায়ত দখল কৰিলে বিজেপি দলে । জয়লাভ কৰাৰ লগে লগেই  আনন্দ উল্লাসত বন্য ভাহি পৰে গেৰুৱা দলৰ সমর্থক সকল । উল্লেখ্য যে ,ধাৰাবাহিক ভাৱে   একেধাৰে দুবাৰ কাটিগড়া আঞ্চলিক সভাপতিৰ আসন  দখল কৰিলে বিজেপি দলে  । আনহাতে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰা বাবলি দাসক লৈ সমালোচনাত মুখৰ হৈ পৰে কংগ্রেস শিবিৰ ।
প্রণব মালাকাৰ,  কালাইন , Ne india

LEAVE A REPLY

Please enter your comment!
Please enter your name here