আমছু নেতাৰ উদ্ভণ্ডালি

0
33
নগাঁৱত এজন স্বয়ম্ভূ আমছু নেতাৰ উদ্ভণ্ডালি ।আৰক্ষীৰ লগত সু-সম্পৰ্ক থকা স্বয়ম্ভূ আমছু নেতাৰ উচটনিতে নগাঁও চহৰৰ সমীপৱৰ্তী মৰঙীয়ালৰ এটা পৰিয়ালৰ এখন ব্যক্তিগত বাহন জ্বলাই দিয়াৰ লগতে গুণ্ডা বাহিনী লগাই ইটা, শিলগুটি নিক্ষেপ কৰি অনিষ্ট কৰিছিল পৰিয়ালটোৰ বাসগৃহও । এই কামৰুজ জামান সৰকাৰ নামৰ স্বয়ম্ভূ আমছু নেতাজনৰ বহু কু-কৃতি আছে । প্ৰথমে চৰ অঞ্চলত ডকাইতৰ চৰ্দাৰ আৰু তাৰ পিছত অবৈধ জুৱাৰ পৰা আৰক্ষীক ধন সংগ্ৰহ কৰি দিয়াৰ মধ্যভোগী অৰ্থাৎ দালাল । লগতে জামানে সংখ্যালঘু এলেকাত হোৱা মাটি বাৰী কেচৰো আৰক্ষীৰ হৈ ধন সংগ্ৰহ কৰিছিল । মুঠতে এই সকলো অবৈধ কামৰ অংশীদাৰ হৈ কামৰুজে গঢ়ি লয় ধন আৰু সম্পত্তিৰ পাহাৰ । ইয়াৰ লগে লগে আৰক্ষীৰো বুকুৰ কুটুম হৈ পৰিল কামৰুজ । আৰক্ষীয়ে প্ৰদান কৰিলে দালাল কামৰুজক দুটাকৈ দেহৰক্ষীও । এই দেহৰক্ষী লৈয়ে বিগত ৮ ফেব্ৰুৱাৰীত কামৰুজে আৰক্ষীৰ বলতে বলিয়ান হৈ মৰঙীয়ালৰ ভৱকান্ত বৰা নামৰ ব্যক্তিজনৰ বাসগৃহত এখন গাড়ীত অগ্নি সংযোগ কৰাৰ লগতে ইটা, শিল দলিয়াই লণ্ড ভণ্ড কৰিছিল ব্যক্তিজনৰ বাসগৃহও । এই সকলো ঘটনা সংঘটিত হৈছিল কামৰুজৰ প্রত্যক্ষ পৃষ্ঠপোষকতাতে । আনকি এই ঘটনাত আৰক্ষী, অৰ্ধ সামৰিক বাহিনীৰ বহু কেইজন লোকো আহত হৈছিল কামৰুজৰ গুণ্ডাৰ আক্ৰমণত । সম্প্ৰতি দুই দেহৰক্ষী লৈ পলাতক কামৰুজ, কিন্তু আৰক্ষীৰ অভিযান তীব্রতৰ হৈ আছে । নগাঁও আৰক্ষীয়ে ইতিমধ্যে ছটাকৈ গুণ্ডাক গ্ৰেপ্তাৰ কৰিছে । উল্লেখযোগ্য যে মৰঙীয়ালৰ অৰ্চনা বৰা নামৰ এগৰাকী বিধবা মহিলাৰ লগত অবৈধ সম্পৰ্ক আছিল জুৰিয়াৰ কালীয়ডিঙাৰ আব্দুল ছিদ্দিক নামৰ এজন বিবাহিত লোকৰ । অৰ্চনা বৰাৰ ঘৰত প্ৰায়েই আহিছিল ছিদ্দিক কিন্তু বিগত ৮ মার্চত ছিদ্দিক সন্ধানহীন হৈছিল । ছিদ্দিকক বিচাৰিয়ে কামৰুজ আৰু লগত অহা গুণ্ডাবাহিনীয়ে তাণ্ডৱ চলাইছিল ওচৰতে থকা অৰ্চনা বৰাৰ পিতৃ ভৱকান্ত বৰাৰ বাসগৃহত । ইতিমধ্যে ছিদ্দিকৰ মৃতদেহ মৰা কলঙত দেওবাৰে উদ্ধাৰ হয় । এই ঘটনা পোহৰলৈ আহিছে নিজ ভাতৃ আবু বক্কৰে হত্যা কৰিছিল ছিদ্দিকক । ইতিমধ্যে হত্যাকাৰী আবু বক্কৰক গ্ৰেপ্তাৰ কৰিছে নগাঁও আৰক্ষীয়ে । কিন্তু প্ৰশ্ন হয় নিজ ঘৰতে হত্যাকাৰী ইয়াৰ পিছতো স্বয়ম্ভূ আমছু নেতা কামৰুজ জামানে কিয় আক্ৰমণ কৰিছিল এটা নিৰীহ পৰিয়ালৰ বাসগৃহত, কিয় আক্ৰমণ কৰিছিল আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ ওপৰত ইয়াৰ বাবেও জগৰীয়া হ’ব নিশ্চয়কৈ নগাঁও আৰক্ষী । নগাঁও আৰক্ষীয়ে কামৰুজক মূৰৰ ওপৰত তুলি দেহৰক্ষী প্ৰদান কৰাৰ ফল যেন হাতে হাতে পাইছে । অৱশ্যে এই ঘটনাৰ পিছত এতিয়া নগাঁও আৰক্ষী অধীক্ষক কঠোৰ হৈছে কামৰুজক দিয়া দেহৰক্ষী আতঁৰাবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষী অধীক্ষক শংকৰ ব্ৰত ৰায় মেধিয়ে । ঘটনা সন্দৰ্ভত 147/148/149/447/325/307/435/436/427/294/506 ধাৰা নিৰ্দ্ধাৰণ কৰিছে 331/19 গোচৰ মৰ্মে । উল্লেখযোগ্য যে বিতৰ্কিত কামৰুজ জামানৰ বিৰুদ্ধে ইয়াৰ পূৰ্বেও জুৰিয়া আৰক্ষী থানাত 170/17, 161/17, হোজাই থানাত 184/12 আৰু ৰূপহী থানাটো 222/12 গোচৰ ৰুজু হৈ আছে কিন্তু ইয়াৰ পিছতো নগাঁও আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল কামৰুজৰ বিৰুদ্ধে বৰঞ্চ কামৰুজৰ লগত মিতিৰালি কৰি দেহৰক্ষীহে প্ৰদান কৰিছিল । এইবাৰ পলাতক কামৰুজক গ্ৰেপ্তাৰ কৰিব নে নগাঁও আৰক্ষীয়ে সেয়াহে এতিয়া ডাঙৰ প্ৰশ্ন হিচাপে থিয় দিছে ।
ডেইজী দাস হাজৰিকা, নগাঁও, NE INDIA

LEAVE A REPLY

Please enter your comment!
Please enter your name here